চোৱাঁ সখি, আহে কবি নীৰলে নীৰৱে,
বননিৰ মাজবাটে নিমগন ভাৱে।
নিজম বীণাৰ সুৰ—নিজৰে জুৰণি—
আপুনি ব্যাকুল শুনি। তাৰে প্ৰতিধ্বনি
বাজিছে নীৰৱে ৰই, প্ৰতি ফুল কাণে,
উলাহ সঙ্গীত সুৰ ঢালি প্ৰতি প্ৰাণে।
প্ৰণয়ী আমাৰ কবি আহে আগুৱাই,
আটাইটি মজোঁ ফুল, আগমনী চাই।
আৰু সৌ বুঢ়া গছ, জটাধাৰী বৰ,
সিৰলি-পতীয়া কায়া শাল, এজাৰৰ,
আহঁত উদাস যোগী, নাহৰ, কদম,
সবাৰো গুচিব হাঁয়, দুখভৰা ভ্ৰম;—
সবাৰে পাঙিছোঁ আমি, মনমোহা ছবি,
ভাঙি কম মনোভাব, আহে সৌৱা কবি।
Assamese · অসমীয়া
Related poems
মোৰে জীৱনৰে সখা কৃষ্ণ তই – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
আসাম বুৰঞ্জী — প্ৰথম অধ্যায় (অংশ ২) – গুণাভিৰাম বৰুৱাAssamese Classicsগুণাভিৰাম বৰুৱা
ৰাম পৰম ধন চিন্তহু মন ভাই – মাধৱদেৱAssamese Classicsমাধৱদেৱ
জয় জয় জাদৱ জলনিধীযাধব ধাতা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
প্ৰথম কীৰ্ত্তন (চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন) – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
বিশ্ববিজয়ী নৱ জোৱান – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা



