Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ

ঘোষা — ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ
যদি কৰা দৰিয়াৰ পাৰ।।
চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।
ভজো হেৰা মোৰ মন গুৰুৰে পাৱত।।
পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।।
খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।
মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ।।
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
মক্কাৰ দুৱাৰত চাহাব তিৰ্‌বেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে ঘনে লগায় মাত।।
সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
দেও মাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।

উৎস: অসমীয়া সাহিত্য চয়নিকা (নতুন), দশম শ্ৰেণী, পাঠ ২ ‘জিকিৰ’ (অসম মাধ্যমিক শিক্ষা পৰিষদ, ২০১৯); চৈয়দ আব্দুল মালিক সম্পাদিত ‘অসমীয়া জিকিৰ আৰু জাৰী’ (গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৫৮)ৰ সৈতে মিলাই চোৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *