Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

সাজু হ, সাজু হ, নৱ যোৱান

সাজু হ, সাজু হ, নৱ যোৱান!
সাজু হ, সাজু হ, নৱ যোৱান!
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন যৌৱন
কৰি প্ৰাণপণ
ৰাঙলী কৰি দে ৰণাঙ্গণ
জয়-শঙ্খ বজা
পৃথিৱী-কঁপাই
অত্যাচাৰকো কৰি বৰণ
স্বাধীনতা ধন
নতু মৰণ।
লোহাৰে শিলেৰে
বান্ধি ল মন।
বজ্ৰকণ্ঠে বিশ্বক শুনা
সত্যৰ জয়গান
বুকৰ তেজেৰে ধুই দে আজি
ভাৰতৰ অপমান
সাজু হ, সাজু হ, নৱ যোৱান।

উৎস: লভিতা (নাট), প্ৰথম তাঙৰণ ১৯৪৮, অসমীয়া সাহিত্য মন্দিৰ, পৃ. ৭ — স্কেন: Wikimedia Commons / archive.org (in.ernet.dli.2015.452453)
প্ৰথম প্ৰকাশ: ১৯৪৮

Leave a Reply

Your email address will not be published. Required fields are marked *