ফটিকৰ ধাৰ যেন নিজনি বিলত,
কোমল পদুম পাহি,
কেনেকৈ ভাহিছে!
ময়লাত উৰি অহা প্ৰেমৰ গীতটি
একে থৰে শুনি শুনি,
কেনেকৈ হাঁহিছে!
দেহি ঐ কেনেকৈ জিলিঙনি কিটি,
সৰু ঢৌ কেইটিৰ বোকোচাত উঠি,
পদুমৰ মুখ চাই, কি যেন ফটিকা খাই,
ঢলি ঢলি লৰি আহি
সাবতি ধৰিছে।
এটাইকিটিয়ে কেনে আলফুল কৰি
মুখতে লগাই মুখ
মৰম কৰিছে।
মলয়া বতাহ হৈ ময়ো যেন গৈ,
পদুমৰ কাণে কাণে,
সি গীতটি গাম;
ঢৌটিতে উঠি যেন জিলিঙনি হৈ,
ময়ো যেন তেনেকৈয়ে,
চুমা এটি খাম।
আলফুল কৰি যেন বুকুত শুৱাই
টোপনিতে লালকাল মুখ খনি চাম।
কিন্তু মই কি যে হুতাশন,
দেখিলেই হব মোক এটাইটি লীন;—
বতাহ নবলা হব,
ঢৌকিটি মাৰ যাব,
জিলিঙনিকিটি গৈ লুকাব মেঘত,
লাজুকী লতাৰ দৰে পদুম পাহিয়ে
লাজে সোতমোট খাই,
মুখখনি গহিনাই,
তেতিয়াই তুলি লব ওৰণি মূৰত।
Assamese · অসমীয়া
Related poems
তেজীমলা – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
আসাম বুৰঞ্জী — প্ৰথম অধ্যায় (অংশ ২) – গুণাভিৰাম বৰুৱাAssamese Classicsগুণাভিৰাম বৰুৱা
প্ৰথম কীৰ্ত্তন (চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন) – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
তেজৰে কমলাপতি পৰভাত নিন্দ – মাধৱদেৱAssamese Classicsমাধৱদেৱ
জোনাকীৰ প্ৰতি সম্বোধন – কমলাকান্ত ভট্টাচাৰ্যAssamese Classicsকমলাকান্ত ভট্টাচাৰ্য
জাতীয় সঙ্গীত – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী





