আহিছে মানুহ গইছে মানুহ—
মানুহ ময়াপী জীৱ।
মানুহ সোঁতৰ অন্ত নাইকিয়া—
বুলিলে মৰত কিয়?
মানবী জনম দিয়াঁ উটুৱাই
মানবী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
-ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ,
এই যে পৃথিবী স্বৰ্গতো অধিক,
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ।
কৰাঁ পূজা—অৰ্ঘ্য পাদোদক লৈ-
জয় জয় মানৱ দেৱ!
Assamese · অসমীয়া
Related poems
পুৱা – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ — অষ্টম অধ্যায় (অংশ) – গুণাভিৰাম বৰুৱাAssamese Classicsগুণাভিৰাম বৰুৱা
প্ৰেম – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
কাকো আৰু হিয়া নিবিলাওঁ – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
নাৰায়ণ; কাঁহে ভকতি কৰো তেৰা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
চিৰযৌবন – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা



