Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

আসাম বুৰঞ্জী — প্ৰথম অধ্যায় (অংশ)

অসম দেশৰ পূৰ্ব্ব সীমা মিচিমী, চিংফৌ প্ৰভৃতি জাতি থকা পৰ্ব্বত বিলাক। পশ্চিম সীমা, মানাহ নদী আৰু গোয়ালপাড়া জিলাৰ হাবড়াঘাট পৰগণা। উত্তৰ সীমা, ভোট, অকা, ডফলা আৰু আবৰ থকা পৰ্ব্বত শ্ৰেণী। আৰু দক্ষিণ সীমা, নগা, খাসীয়া আৰু গাৰো বিলাক থকা পৰ্ব্বত। ইয়াৰ পৰিমাণ ফল পৰ্ব্বত ভাগ এড়িলে ১৭০৪৪ বৰ্গ মাইল। ইয়াৰ যাবতীয় প্ৰজাৰ সংখ্যা ১৭৭৬০৩৯ জন।

এই দেশ ভাৰতবৰ্ষৰ পূৰ্ব্ব উত্তৰ চুকে। ইয়াৰ সীমাৰ পূব ফালে আৰু ব্ৰিটিশ ৰাজ্য নাই। ই দীঘলে প্ৰায় ৫০০ মাইল আৰু পথালীয়ে সকলো ঠাইতে সমান নহলেও মুঠে ৬০ মাইল হব। এই দেশৰ উত্তৰ ফালে ভোট প্ৰভৃতি জাতিৰ পৰ্ব্বতবিলাক। তাৰ উত্তৰে সুবিস্তীৰ্ণ হিমালয় পৰ্ব্বত যাৰ বৰফ থকা কোনো কোনো শৃঙ্গ শীত কালত ইয়াৰ পৰা দেখি। ইয়াৰ দক্ষিণ ফালৰ পৰ্ব্বতবিলাক অতি সুবিস্তাৰ। হিমালয় শ্ৰেণীৰ দৰে নহলেও একেবাৰে অশোভিত নহয়। এই হিমালয়ৰ উত্তৰে মানস সৰোবৰৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদ মিচিমী বিলাকৰ পৰ্ব্বতৰ মাঝে অসম দেশৰ ভিতৰে বই গই বঙ্গাল দেশত সোমাই সমুদ্ৰত পড়িছে। উত্তৰ আৰু দক্ষিণ ফালৰ পৰা ব্ৰহ্মপুত্ৰৰ গৰ্ভলৈকে মাটি ক্ৰমে নিম্ন হই আহিছে। এই দেশ প্ৰকৃতে অসম ঠাইতে ম আৰু ঠাইতে দ। ব্ৰহ্মপুত্ৰ মহানদে এই দেশ খনকে উত্তৰ কূল আৰু দক্ষিণ কূল এই দুই খণ্ডে ভগাইছে। ধনসিৰী, ভৈৰবী, দিহিং, দিখৌ, সোণাই, বড় নদী, কলহী, মানাহ, চাউল খোৱা প্ৰভৃতিয়ে ইয়াৰ কৰ যোগাইছে। আৰু ইয়াৰো কলঙ্গ প্ৰভৃতি কেইবা শাখাও আছে।

এই দেশৰ পাৰ্ব্বত্য, সমতল আৰু জলমগ্ন ভূমি বিবেচনা কৰি ইয়াক তিনি ভাগে বিভক্ত কৰিব পাৰি। প্ৰথম দুইয়ো কূলৰ ওখ ওখ পৰ্ব্বত ভাগ দ্বিতীয় উত্তৰ আৰু দক্ষিণ কূলৰ সমতল বাম ঠাই। তৃতীয় এই দুইয়ো কূলৰ বাৰিষা পানীত তলযোৱা ঠাইবিলাক। উত্তৰ কূলৰ কামৰূপ জিলাৰ ক্ষেত্ৰি প্ৰভৃতি পৰগণা আৰু বড় নদীৰ সমীপৰ কিছুমান ঠাই আৰু আন কোনো কোনো ঠাইক এড়ি প্ৰায় বাম। আৰু দক্ষিণ পাৰে সেই ৰূপে কলঙ্গ আৰু ব্ৰহ্মপুত্ৰৰ মাঝৰ চাপৰী আৰু আন আন কিছুমান ঠাইক এড়ি অপেক্ষাকৃত সমতল। এইটি বড় আশ্চৰ্য্য যে উত্তৰ কূলত দ আৰু পানীত তলযোৱা মাটীৰ প্ৰায় সমানে দক্ষিণ কূলত ওখ মাটী। আৰু দক্ষিণ কূলৰ দ আৰু পানীত তলযোৱা মাটিৰ প্ৰায় সমানে সিপাৰে ওখ মাটী। এই বিলাকত বাহিৰেও কলীয়াবৰ, জাগী, বাঘবৰ, হাজো, নগৰবেড়া প্ৰভৃতি অকল শৰীয়া ওখ পৰ্ব্বত। আৰু তাৰ উচ্চতা ৭০০ ফিট পৰ্য্যন্ত দেখা গইছে। আৰু বিল বা জলাহ প্ৰভৃতি দ ঠাই এই দেশত অনেক আছে।

উৎস: আসাম বুৰঞ্জী, অসম প্ৰকাশন পৰিষদৰ পুনৰ্মুদ্ৰণ (১৯৭২) — অসমীয়া ৱিকিউৎসৰ স্কেন
প্ৰথম প্ৰকাশ: ১৮৮৪

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

গদ্যআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ — অষ্টম অধ্যায় (অংশ)আনন্দৰাম ঢেকিয়াল ফুকনৰ বৰ্ণ বগা কিন্তু ইউৰোপীয় সকলৰ দৰে শ্বেত নহয়। তেওঁ দীঘলে ৫ ফুট ৬ ইঞ্চি বা ৩॥ হাত আছিল…আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰপঢ়ক →গদ্যআসাম বুৰঞ্জী — প্ৰথম অধ্যায় (অংশ ২)ইয়াৰ জল আৰু বায়ু অতিশয় অস্বাস্থ্যকৰ বুলি অনেকে কইছিল। এই কথা কিমান সঁচা তাক কব নোৱাৰি। কিন্তু লোক সমাজত যি…আসাম বুৰঞ্জীপঢ়ক →গদ্যআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ — প্ৰথম অধ্যায় (অংশ)১৭৫১ শঁকৰ ৭ আশ্বিন মঙ্গলবাৰে পুষ্যা কৰ্কট নক্ষত্ৰত আনন্দৰাম ফুকনৰ জন্ম হয়। এওঁৰ জন্মত সকলোৰে বৰ আনন্দ হৈছিল।…আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰপঢ়ক →
গুণাভিৰাম বৰুৱা — লেখকৰ পৃষ্ঠা →