ফাগুন মাহ। ভৰ দুপৰীয়া। আকাশ ধুৱঁলি-কুৱঁলি। পচিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে। এজোপা জৰি গছৰ আগৰ পৰা একো একোবাৰ উৰামাৰি এহাল ফেঁহুচৰায়ে এই ছাইবিলাক ওপৰতে ধৰি ধৰি খাইছে। এনে এদিনত আজি বৰপেটাৰ চাৰিউফালৰে পৰা হাজাৰ হাজাৰ মানুহে কীৰ্ত্তনঘৰলৈ লৰ ধৰিছে। আজি ফাকুৱাৰ শেষ দিন। আজি প্ৰভু শ্ৰীকৃষ্ণৰ ঘুনুচাৰ “বাড়িৰ” পৰা লক্ষ্মী আইৰ “গৃহলৈ” উলটি অহাৰ দিন। সেই দেখিয়েই আজি বৰপেটাত মানুহৰ ইমান ভিৰ। আজি সকলো মানুহ ফাকুৰে ৰাঙলি।
আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়তো বৰপেটাৰ সত্ৰখন মহকুমাৰ দক্ষিণ পূব কোণাতে আছিল। আজিকালি এই সত্ৰৰ চাৰিউফালে প্ৰায় চাৰিপুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড় আছে। এই গড়ৰ ঘাই দুৱাৰমুখ পচিম ফালে। সেই দুৱাৰ-মুখত এটা পকি বাটঘৰ। সেই বাটঘৰটোৱেদি সোমায়েই চকুৰ আগতে কীৰ্ত্তনঘৰটো দেখি। কীৰ্ত্তনঘৰটোৰ ওপৰখন টিনৰ, বেৰবিলাক ইটাৰ। তিনিওফালে তিনিখন কাঠি। ঘৰটো ইমান ডাঙৰ আৰু দীঘল যে দেখিলেই মানুহৰ মন স্তম্ভিত হয় আৰু ভাবুকৰ মনত কত ভাবৰ যে সঞ্চাৰ হয় তাক নিজে দেখা ভাবুক এজনেহে বুজিব পাৰে। গড়ৰ উত্তৰ পচিম কোণত ফাকুৱাৰ দৌলটো। সেই দৌলটো সাতঠাক ওখ। তাৰ ওপৰত এটা বৰ ডাঙৰ মঠ। কীৰ্ত্তনঘৰৰ পূব-মূৰত ৺কলীয়া ঠাকুৰৰ মন্দিৰ। সেই মন্দিৰৰ পূবে প্ৰায় লগালগি এটা চাঙ্গঘৰ। এই চাঙ্গঘৰৰ দুয়োফালে উত্তৰে দক্ষিণে দুটা পূবা পচিমা দালান। সেই দালান দুটি ৺বদুলা আতা, ৺মঠুৰা আতাৰ মন্দিৰ। ৺কলীয়া ঠাকুৰৰ মন্দিৰৰ কাষতে উত্তৰে ৺মহাপুৰুষ গুৰুৰ মঠটো। মহাপুৰুষ গুৰুৰ মঠৰ পচিমে সমুখতে এটা পানীৰ নাদ। সেই নাদৰ ওপৰত এটা সৰু ঘৰ। এই সৰু ঘৰটোৰ পচিম-ফালে গড়তে লগা আৰু এটা পূবা পচিমা চাঙ্গঘৰ। গড়ৰ বাহিৰে পূবে এটি কুণ্ড। দৰাচলতে বৰপেটাৰ কীৰ্ত্তনঘৰটো মঠে-মন্দপে ইমান ধুনীয়া আৰু হৃদয়গ্ৰাহী যে এই মঠ-মন্দপ, কীৰ্ত্তন-ঘৰৰ প্ৰশংসা কৰাৰ লগে লগে আমি বৰপেটীয়া মানুহকো নশলাগি নোৱাৰোঁ।
আমি যি সময়ৰ কথা লিখিছোঁ অৰ্থাৎ মানৰ দিনৰ আগেয়ে বৰপেটাৰ সত্ৰত ইমানবিলাক মঠ-মন্দিৰ আছিল নে নাই কব নোৱাৰোঁ। কিন্তু এইটো আমি সঠিককৈ জানিছোঁ মানৰ দিনৰ আগেয়েও এই গড় এই মঠ—আৰু এই কীৰ্ত্তনঘৰেই আছিল। কেৱল বাটঘৰটোৰ বাজে ইবিলাক ঘৰৰ চালবিলাক খেৰি আছিল।
Assamese · অসমীয়া
Related articles
উঠৰে উঠ বাপু গোপাল হে – মাধৱদেৱAssamese Classicsমাধৱদেৱ
সন্ধিয়া – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
মাধুৰী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
বিশ্ববিজয়ী নৱ জোৱান – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
হঁহা কন্দা – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
লট্কন – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা




