Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...
← অসমীয়া ক্লাছিকউপন্যাসৰ অংশ

মিৰি-জীয়ৰী — প্ৰথম অধ্যায়: নৈৰ পাৰত (অংশ)

এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্ব্বত-লানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। খেৰকটীয়া এখন বেলেগ নৈ নহয়। ব্ৰহ্মপুত্ৰৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজি কালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগ বাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্ব্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে তাৰ নাম লুইত। লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পচিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে।

সোৱণশিৰী নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হৱ। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্ম্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্ম্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজি-কালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজি-কালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকিৰ সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আঁটিছিল। কিন্তু আজি-কালি পাঁচ ছয় টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজি-কালিৰ অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে। কিন্তু আজি-কালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে। সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই। আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাৱঁৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্ম্মল পানী দি দেহে মনে ভালে ৰাখিছে।

উৎস: মিৰি-জীয়ৰী (১৮৯৪), সাহিত্য প্ৰকাশৰ পুনৰ্মুদ্ৰণ — অসমীয়া ৱিকিউৎসৰ স্কেন
প্ৰথম প্ৰকাশ: ১৮৯৪

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

উপন্যাসৰ অংশৰঙ্গিলী — প্ৰথম অধ্যায় (অংশ)আমাৰ কাহিনীৰ আৰম্ভ ১৮১৫ খৃষ্টাব্দত। অসমৰ ৰজা কমলেশ্বৰ সিংহ স্বৰ্গী হোৱাত তেওঁৰ ভায়েক ৺চন্দ্ৰকান্ত সিংহ স্বৰ্…ৰঙ্গিলীপঢ়ক →উপন্যাসৰ অংশৰহদৈ লিগিৰী — প্ৰথম অধ্যায়: ৰহদৈ (অংশ)আমাৰ ৰহদৈ লিগিৰীৰ ঘৰ উজনিৰ মাজুলীত থকা কমলাবাৰী গাঁৱত আছিল। সেই সময়ত অৰ্থাৎ মানৰ দিনৰ আগেয়ে গাঁওখনত এশ কি ছ…ৰহদৈ লিগিৰীপঢ়ক →উপন্যাসৰ অংশমনোমতী — প্ৰথম অধ্যায়: বৰপেটাৰ কীৰ্ত্তনঘৰত (অংশ)ফাগুন মাহ। ভৰ দুপৰীয়া। আকাশ ধুৱঁলি-কুৱঁলি। পচিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি …মনোমতীপঢ়ক →উপন্যাসৰ অংশতাম্ৰেশ্বৰীৰ মন্দিৰ — প্ৰথম অধ্যায় (অংশ)আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্ৰায় হাবিৰে ভৰা, কিন্ত…তাম্ৰেশ্বৰীৰ মন্দিৰপঢ়ক →
ৰজনীকান্ত বৰদলৈ — লেখকৰ পৃষ্ঠা →