Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

কথা-গীতা — দ্বিতীয় অধ্যায়ৰ আৰম্ভণি (অংশ)

পাচে কি প্ৰৱৰ্ত্তিল এই অপেক্ষাত সঞ্জয়ে কহন্ত, জানা ৰাজা, এমনে অৰ্জ্জুন কৃপায়ে ব্যাপ্ত হুয়া শোকলোতকে আকুলনেত্ৰ হুয়া খেদ কৰিতে, অৰ্জ্জুনক মধুসূদন ভগৱন্তে বুলিবে লাগিলা। হে পৰন্তপ সখি, এই যুদ্ধসঙ্কটত কেনে তোমাৰ স্বতসে মোহ ভৈল, আক সাধুসবে নতো কৰে, স্বৰ্গকো নসাধে, অধৰ্ম্মো হয়, অকীৰ্ত্তিকো কৰে। এতেকে তুমি কাতৰ নকৰিবা। তোমাত ই যোগ্য নহে। অন্যায় কাৰ্পণ্য এড়ি যুদ্ধক উঠা।

উৎস: কথা-গীতা (হেমচন্দ্ৰ গোস্বামী সম্পাদিত, ১৯২৩), পৃ. ১০ — ৱিকিউৎস / স্কেন
প্ৰথম প্ৰকাশ: ১৯২৩

Leave a Reply

Your email address will not be published. Required fields are marked *