Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

বাৰিষা কালত ৰামৰ বিষাদ (অংশ)

শ্ৰাবণ মাসত গিৰি অতি অনুপম।
বাৰিষা কালত সিটো বঞ্চিবে উত্তম॥

লক্ষ্মণে নিৰ্ম্মিলা বাসা নদী সন্নিহিত।
দুই ভাই চাৰি মাস বঞ্চিলা তাহত॥

শ্ৰাবণ মাসত মুখ্য বাৰিষাৰ কাল।
দিনতে আন্ধাৰি মেঘে কৰে কোলাহল॥

সুৰভি শীতল আতি দক্ষিণৰ বাৱে।
কোকিলৰ কুহু নাদে নিদ্ৰাৰ জগাৱে॥

প্ৰমত্ত ভ্ৰমৰে যেন মালতিক চুমে।
বিৰহিণী নাৰীয়ে বিহ্বল চিত্ত ঘুমে॥

মেঘৰ গৰ্জ্জনা শুনি মৈৰা কৰে নাদ।
সীতাক সুমৰি ৰামে কৰন্ত বিষাদ॥

কৈক গৈলে সীতা মোৰ বচন অমৃত।
প্ৰাণেশ্বৰী অবিহনে নধৰয় চিত্ত॥

স্বভাবে বাৰিষা কালে কাম অতিৰেক।
একো গোটা দিনে যাই এক বৰিষেক॥

ৰাঘবে বলন্ত লখাই নসহে পৰাণ।
শৰীৰক দহে মদনৰ পঞ্চ বাণ॥

চম্পক মালতি গন্ধে হৃদয় নসহে।
প্ৰাণ সঞ্চলয় যেন সীতাৰ বিৰহে॥

উৎস: মাধৱ কন্দলিৰ ৰামায়ণ, কিষ্কিন্ধ্যাকাণ্ড (বিষ্ণুৰাম তালুকদাৰ সম্পাদিত, ১৯২৮), পৃ. ৭৬–৭৭ — ৱিকিউৎস / স্কেন
প্ৰথম প্ৰকাশ: ১৯২৮

Leave a Reply

Your email address will not be published. Required fields are marked *