( ১ )
জীৱনৰ বোৱা নইখনি,
পাৰত আবৰি থকা সপোন কুঞ্জৰ
আঁৰে আঁৰে ফুৰো মই লগৰী হেৰাই;
দুচকুত আকুল চাৱনি।
নিজৰ পাহৰা বাট
কোনে মোক দিব সোঁৱৰাই?
ফুৰোঁ মই লগৰী হেৰাই।
( ২ )
পচিমত আবেলিৰ বেলি,
লাহে লাহে সন্ধিয়াই ঢাকিব ধৰণী,
অকনি পোহৰ তাৰ হেঙুলী ৰহন
নৈয়ে যেন লব আকোঁৱানি।
নিৰাশা নিজম বাট,
সমল মাথোন সোঁৱৰাই
যৌৱনৰ অৰুণ কিৰণ,
অতীতৰ হেঙুলী ৰহন।
( ৩ )
পথৰ পথিকে লগ পাই
দেখিও বিমোৰ মোক নেমাতে একোকে
আগবাঢ়ি মাতিলেও নিদিয়ে সন্ধান,
মিচিকি হাঁহিৰে গুচি যায়।
উৰনীয়া পখিটিয়ে
অচিন পথত ধৰে তান,
বই যায় বিষাদৰ গান।
( ৪ )
কেতিয়াবা কোনো জনে আহি,
অযাচিতে ঢালি দিয়ে হিয়াৰ সম্ভাৰ,
খন্তেকীয়া লগ লই পথ উজলায়,
মুখত বিৰিঙে মোৰ হাঁহি।
আহি আহি থাকোতেই
কেনিবাদি হঠাতে লুকায়।
মুখৰ হাঁহিটি মাৰ যায়।
( ৫ )
অবিৰাম বয় নই খনি
পখীৰ সঙ্গীত আৰু ফুলৰ সুষমা,
সপোন কুঞ্জৰ যত মায়া মধুৰিমা,
অতীতৰ মধু সোঁৱৰণি।
সকলো সামৰি লই
আগুৱাঁও নজনা বাটত
কোনে ক’ব কত তাৰ সীমা?
হেৰুৱাই জীৱনৰ মধুৰ মহিমা।
Assamese · অসমীয়া
Related poems
সন্ধিয়া – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
এপাহি পদুম – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
নাৰায়ণ; কাঁহে ভকতি কৰো তেৰা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
বান্দৰ আৰু শিয়াল – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
ঢোঁৰাকাউৰী আৰু টিপচীচৰাই – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
বুঢ়া-বুঢ়ী আৰু শিয়াল – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা



